Psalms 76

প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযুক্ত যন্ত্ৰেৰে গাব লগীয়া, আচফৰ ৰচিত গীত,সঙ্গীত ।

1যিহূদাৰ সকলোৱেই ঈশ্বৰক জানে;
ইস্ৰায়েলৰ মাজত তেওঁৰ নাম মহান।
2চালেমত তেওঁৰ তম্বু আছে;
চিয়োনত তেওঁৰ বসতিস্থান আছে।
3তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে;
ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে। [চেলা]

4তোমাৰ প্রতিফলিত উজ্জ্বল আৰু বিকশিত গৌৰৱ;

যি দৰে এই পৰ্ব্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে, যত তুমি তোমাৰ শিকাৰ আহত কৰিছিলা।
5এই দুঃসাহিয়ালসকলক অপহৰণ কৰা হল;
তেওঁলোক ভীষণ নিদ্ৰামগ্ন হল।
পৰাক্ৰমীসকল অসহায় হ’ল।

6হে যাকোবৰ ঈশ্বৰ; যুদ্ধ ক্ষেত্রৰ কান্দোনত,

ৰথচালক আৰু ঘোঁৰা উভয়ে টোপনি গ’ল।
7তুমি, হয় তুমিয়েই আতঙ্কজনক;
তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হব পাৰে?

8তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হ’য়;

পৃথিবী আতঙ্কিত হৈ নিৰৱে আছিল।
9হে ঈশ্বৰে তুমি উঠা বিচাৰ নিস্পতি কৰা;
পৃথিৱীৰ নির্যাতিত সকলক ৰক্ষা কৰিবলৈ উঠা।[চেলা]

10অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেইলোকসকলৰ প্ৰসংশাৰ কাৰণ হ’ব;

তুমি সমৰ্পূণকৈ ক্রোধ প্রকাশ কৰিবা।

11তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা;

তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব।
তেওঁ ৰাজকোৱঁৰ সকলৰ সাহস খর্ব কৰিব;
তেওঁলোকে পৃথিবীৰ ৰজালৈ আতঙ্কিত হ’ব।
12

Copyright information for AsmULB